নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান
মহাকর্ষণ
Gravitation
Class ix General Science
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) 100g ভৰৰ আপেল এটাৰ পৃথিৱীত ওজন হ’ল-
(ক) 4.8N
(খ) 98N
(গ) 0.98N
(ঘ) 0.098N
উত্তৰঃ- (গ) 0.98N
(ii) মুক্তভাৱে অধোগামী বস্তু এটাৰ ক্ষেত্ৰত তলৰ কোনটো সত্য—
(ক) সুষম বেগ
(খ) অসম বেগ
(গ) সুষম ত্বৰণ
(ঘ) মন্থৰণ
উত্তৰঃ- (গ) সুষম ত্বৰণ।
(iii) SI এককত বিশ্বজনীন মহাকৰ্ষনীয় ধ্ৰুৱকৰ মান-
(ক) 6.67x10-3 Nm2 Kg–2
(খ) 6.67x10-6Nm2 Kg–2
(গ) 6.67x10-11 Nm2 Kg–2
(ঘ) 6.67x10-5Nm2 Kg–2
উত্তৰঃ- (গ) 6.67x10-11 Nm2 Kg–2
(iv) ৰবৰৰ ৰচী এডালৰ মূৰত শিলগুটি এটা ওলোমাই দিয়া হ’ল। শিলগুটিটো পানীত সম্পূৰ্ণকৈ ডুবিবলৈ দিলে ৰবৰৰ ৰচীডালৰ সম্প্ৰসাৰণ-
(ক) বাঢ়ে
(খ) কমে
(গ) একে থাকে
(ঘ) প্ৰথমে বাঢ়ে আৰু পিছত কমে
উত্তৰঃ- (গ) একে থাকে।
(v) আপেক্ষিক ঘনত্বৰ একক-
(ক) Kgm–3
(খ) Kgm2
(গ) Nm–2
(ঘ) কোনো একক
নাথাকে।
উত্তৰঃ- (ঘ) কোনো একক নাথাকে।
(vi) মুক্তভাৱে অধোগামী বস্তু এটাৰ ক্ষেত্ৰত তলৰ কোনটো সত্য—
(ক) সুষম বেগ
(খ) অসম বেগ
(গ) সুষম ত্বৰণ
(ঘ) মন্থৰণ
উত্তৰঃ- (গ) সুষম ত্বৰণ।
(vii) ভূ-পৃষ্ঠত বস্তু এটাৰ ওজন 10N। চন্দ্ৰ পৃষ্ঠত ইয়াৰ ওজন হ’ব—
(ক) 1.67 N
(খ) 0.167 N
(গ) 16.7 N
(ঘ) 167N
উত্তৰঃ- (ক) 1.67 N
(viii) Gৰ SIএকক হৈছে—
(ক) Nm2kg-1
(খ) Nmkg-2
(গ) Nm2kg2
(ঘ) Nm2kg-2
উত্তৰঃ- (ঘ) Nm2kg-2
(ix) মাধ্যাকর্ষণক বলৰ বাবে হোৱা ত্বৰণ ‘g’ ৰ মান হ’ব-
(ক) 9.8ms-2
(খ) 0.9ms-2
(গ) 98ms-2
(ঘ) 9.8ms-1
উত্তৰঃ- (ক) 9.8ms-2
(x) এটা বস্তুৰ ওজন পৃথিৱীত 60kg হ’লে চন্দ্ৰত তাৰ ওজন হ’ব
(i) 10 kg
(ii) 100kg
(iii) 6kg
(iv) 600kg
উত্তৰঃ- (a) 10 kg
2. বস্তুৰ ভাৰ কি?
উত্তৰঃ- বস্তুৰ ওপৰত প্ৰয়োগ কৰা পৃথিৱীৰ মহাকর্ষণ বলেই হৈছে বস্তুৰ ভাৰ বা ওজন।
3. বস্তু এটাৰ ভূ-পৃষ্ঠত ওজন 10N হ’লে, চন্দ্ৰত ইয়াৰ ওজন কিমান?
উত্তৰঃ- চন্দ্ৰত ওজন = 1.67N
4. মুক্ত অধোগমন মানে কি বুজা?
উত্তৰঃ- কোনো বস্তু ওপৰৰ পৰা পৃথিৱী পৃষ্ঠলৈ পৰাকে অধোগমন বুলি বুজা যায়।
5. আপেক্ষিক ঘনত্ব কাক বোলে?
উত্তৰঃ- বস্তু এটাৰ ঘনত্ব আৰু পানীৰ ঘনত্বৰ অনুপাতক বস্তুটোৰ আপেক্ষিক ঘনত্ব বোলে।
6. মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ (G)ৰ মান কিমান (SI একক)।
উত্তৰঃ- 6.67 10-11 Nm2/kg2
7. গেছৰ ছাপৰ SI একক কি?
উত্তৰঃ- N/m2 (Pa).
8. মাধ্যাকর্ষণ কি? পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকর্ষণীয় ত্বৰণৰ মান শূন্য। কিয়, ব্যাখ্যা কৰা।
উত্তৰঃ- পৃথিৱীৰ মহাকৰ্ষণ বলক মাধ্যাকর্ষণ বোলে।
পৃথিৱীৰ কেন্দ্ৰত g ৰ মান শূন্য কাৰণ কেন্দ্ৰত মহাকৰ্ষণ বলৰ প্ৰভাৱ নাথাকে।
9. মাধ্যাকষণিক ত্বৰণ মানে কি বুজা?
উত্তৰঃ- পৃথিৱীৰ মাধ্যাকৰ্ষণৰ ফলত সৃষ্টি হোৱা ত্বৰণক মাধ্যাকর্ষণিক ত্বৰণ বোলা হয়। ইয়াৰ SI এককৰ মান 9.8 ms-2
10. আৰ্কিমিডিচৰ সূত্ৰটো লিখা।
উত্তৰঃ- বস্তু এটা তৰলত আংশিকভাৱে বা সম্পূর্ণ ডুবালে ই উর্ধমুখী বল এটা অনুভৱ কৰে যাৰ মান বস্তুটোৱে অপসাৰিত কৰা তৰলৰ ওজনৰ সমান।
11. চাপ কাক বোলে? ইয়াৰ এচ. আই. একক কি?
উত্তৰঃ- প্রতি একক ক্ষেত্ৰৰ ওপৰত দিয়া হেঁচাক চাপ বোলে। চাপ = হেঁচা/ক্ষেত্রফল
চাপৰ SI একক পাস্কেল।
12. বস্তু এটা পানীৰ পৃষ্ঠত থলে ই ওপঙা বা ডুবাৰ কাৰণ কি?
উত্তৰঃ- যিবিলাক বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম সেইবিলাক বস্তু পানীত উপঙে। আকৌ যিবিলাক বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি সেইবিলাক পানীত ডুবে।
13. লোৰ গজাল এটা পানীত ৰাখিলে ডুবি যায়। কিন্তু কুঁহিলা পানীত ওপঙি থাকে, কিয় ব্যাখ্যা কৰা।
উত্তৰঃ- লোৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি কিন্তু কুহিলাৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম। সেয়েহে লোৰ গজালটো পানীত ডুব যায় কিন্তু কুহিলা পানীত ওপঙে।
14. প্লাবিতা মানে কি বুজা? প্লাৱিতা বলৰ মান কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ- বস্তু এটা জুলীয়া বা গেছত থোৱা হয় তেতিয়া বস্তুটোৰ ওপৰত এটা উর্ধমুখী বলে ক্ৰিয়া কৰে আৰু বস্তুটোৰ ওজন কম হোৱা দেখা যায়। বস্তুটোক সম্পূৰ্ণকৈ ডুবাই ৰাখিবলৈ হ’লে জুলীয়া পদাৰ্থবিধে প্ৰয়োগ কৰা উৰ্ধমুখী বলক সন্তুলিত কৰাটো দৰকাৰ। বাহিৰৰ পৰা নিম্নমুখী বল প্রয়োগৰ দ্বাৰা এই কাম কৰিব পাৰি। তৰলত ডুবালে সকলো বস্তুৱেই প্লাৱিতা বল অনুভৱ কৰে। প্লাৱিতা বলৰ মান সদায় তৰলৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে।
15. মাধ্যাকৰ্ষণিক ত্বৰণৰ মান পৃথিৱীৰ ভিন ভিন ঠাইত একে নহয় কিয়?
উত্তৰঃ- মাধ্যাকৰ্ষণিক ত্বৰণৰ মান নিৰ্ভৰ কৰে ভৰ আৰু পৃথিৱীৰ ব্যাসাৰ্ধৰ ওপৰত। ভৰ স্থিৰ কিন্তু পৃথিৱীৰ সকলো ঠাইতে এই ব্যসাধৰ মান সমান নহয়। উদাহৰণস্বৰূপে মেক অঞ্চলত পৃথিৱীৰ ব্যাসার্ধ কম আৰু বিষ্ণুৱ অঞ্চলত ইয়াৰ ব্যাসার্ধ বেছি। সেয়েহে মেৰু অঞ্চলত gৰ মান বেছি আৰু অঞ্চলত কম। পৃথিৱীৰ বিভিন্ন ঠাইত পৃথিবীৰ ব্যাসাধৰ মান ভিন্ন ভিন্ন হোৱাৰ বাবে মাধ্যাকৰ্ষণিক ত্বৰণৰ মান ঠাইভেদে বেলেগ বেলেগ হয়।
Leave a comment